কমনৱেল্থ অব অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত এডভান্চ অষ্ট্ৰেলিয়া ফেয়াৰ |
||||||
ৰাজধানী | কানবেৰা | |||||
বৃহত্তম নগৰ | ছিডনী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ইংৰাজীN2 | |||||
জাতীয়তাসূচক বিশেষণ | Australian, Aussie | |||||
চৰকাৰ | Federal parliamentary democracy and constitutional monarchy, see Government of Australia | |||||
- | Monarch | Queen Elizabeth II | ||||
- | Governor-General | Quentin Bryce | ||||
- | Prime Minister | স্কট মৰিছন | ||||
Independence | from the United Kingdom | |||||
- | Constitution | 1 January 1901 | ||||
- | Statute of Westminster | 11 December 1931 | ||||
- | Statute of Westminster Adoption Act | 9 October 1942 (with effect from 3 September 1939) | ||||
- | Australia Act | 3 March 1986 | ||||
মাটিকালি | ||||||
- | মুঠ | ৭৬,১৭,৯৩০ বৰ্গ কিমি (6th) ২৯,৪১,২৯৯ বৰ্গ মাইল |
||||
জনসংখ্যা | ||||||
- | 2024 আনুমানিক | এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৪" (৫৩rd) | ||||
- | ২০০৬ লোকপিয়ল | ১,৯৮,৫৫,২৮৮'"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জিডিপি (পিপিপি) | 2009 আনুমানিক | |||||
- | মুঠ | $851.170 billion | ||||
- | জনমুৰি | $38,910 | ||||
জিডিপি (নামমাত্ৰ) | 2010 আনুমানিক | |||||
- | মুঠ | $1.193 trillion | ||||
- | জনমুৰি | $53,862 | ||||
মানৱ উন্নয়ন সূচক (2007) | 0.970 (very high) (2nd) | |||||
মুদ্ৰা | অষ্ট্ৰেলিয় ডলাৰ (AUD ) |
|||||
সময় অঞ্চল | variousN3 (ইউটিচি+8 to +10.5) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | variousN3 (ইউটিচি+8 to +11.5) | ||||
গাড়ী চলোৱা হয় | বাঁওফালে | |||||
ইণ্টাৰনেট টিএলডি | .au | |||||
কলিং ক'ড | ++61 |
অষ্ট্ৰেলিয়া (ইংৰাজী: Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে। দেশখনৰ উত্তৰে টিমুৰ সাগৰ, আৰাফুৰা সাগৰ, আৰু টৰেচ প্ৰণালী; পূবে প্ৰবাল সাগৰ আৰু তাছমান সাগৰ; দক্ষিণে ব্যাস প্ৰণালী আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্ৰেলিয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত উত্তৰে পাপুৱা নিউগিনি, ইণ্ডোনেছিয়া আৰু পূৱ টিমুৰ; ছলমন দ্বীপপুঞ্জ আৰু ভানুৱাটু আছে উত্তৰ-পূবত আৰু দক্ষিণ-পূবত নিউজিলেণ্ড অৱস্থিত। দেশখন পূব-পশ্চিমে প্ৰায় ৪০০০ কিমি আৰু উত্তৰ-দক্ষিণে প্ৰায় ৩৭০০ কিমি দৈৰ্ঘ্যৰ। অষ্ট্ৰেলিয়া বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ আৰু ৬ষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কানবেৰা; আনহাতে ছিডনী হৈছে বৃহত্তম চহৰ। এই দুই চহৰ দক্ষিণ-পূব অষ্ট্ৰেলিয়াত অৱস্থিত।
অষ্ট্ৰেলিয়াত প্ৰথম বসতি স্থাপন কৰিছিল আদিবাসী জাতিসমূহে। ১৭শ শতিকাৰ আগলৈকে বিশ্বৰ অন্য অঞ্চল সমূহৰ সৈতে দ্বীপটোৰ কোনো পৰিচয় নাছিল। ১৭৮৮ চনত দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ পোৰ্ট জেকচনত প্ৰথম স্থায়ী উপনিৱেশ প্ৰতিষ্ঠা কৰা হয়; ই আছিল ব্ৰিটিছ কয়দীসকলৰ উপনিৱেশ। ই পৰৱৰ্তীকালত প্ৰসাৰিত হয় আৰু ছিডনী চহৰ ৰূপে পৰিণত হয়। ১৯ শতিকা পৰ্য্যন্ত অষ্ট্ৰেলিয়া এক ব্ৰিটিছ উপনিৱেশ আছিল। ১৯০১ চনত স্বাধীন অষ্ট্ৰেলিয়া গঠিত হয়।
অষ্ট্ৰেলিয়াৰ মুঠ মাটিকালি প্ৰায় ৭৬,১৭,৯৩০ বৰ্গ কি:মি: আৰু ই ইণ্ডো-অষ্ট্ৰেলিয় প্লেটত অৱস্থিত। আৰাফুৰা আৰু টিমুৰ সাগৰে অষ্ট্ৰেলিয়াক এছিয়াৰ পৰা পৃথক কৰিছে। দেশ খনৰ উত্তৰ-পূব সীমান্তত অৱস্থিত বৃহৎ প্ৰবাল প্ৰাচীৰ বিশ্বৰ বৃহত্তম প্ৰবাল প্ৰাচীৰ। এই প্ৰাচীৰ অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব সীমান্তৰ প্ৰায় ২০১০ কিমি অঞ্চল জুৰি বিস্তৃত। ই দৰাচলতে প্ৰায় ২৫০০ প্ৰাচীৰ আৰু অসংখ্য সৰু সৰু দ্বীপৰ সমষ্টি। কুইন্সলেণ্ডৰ তীৰৰ কাষত অৱস্থিত ফেয়াৰফক্স দ্বীপ গ্ৰেট ব্যাৰিয়াৰ ৰীফৰ অংশ।
অষ্ট্ৰেলিয়া ৬খন অংগৰাজ্য লৈ গঠিত: নিউ চাউথ ৱেল্চ, কুইন্সলেণ্ড, দক্ষিণ অষ্ট্ৰেলিয়া, তাছমেনিয়া, ভিক্টোৰিয়া আৰু পশ্চিম অষ্ট্ৰেলিয়া। ইয়াৰোপৰি আছে দুখন টেৰিটৰী — অষ্ট্ৰেলিয় ৰাজধানী টেৰিটৰী আৰু উত্তৰ টেৰিটৰী। বহি:ভাগৰ নিৰ্ভৰশীল অঞ্চলৰ মাজত আছে আছমোৰ আৰু কাৰ্টিয়াৰ দ্বীপপুঞ্জ, অষ্ট্ৰেলিয় এণ্টাৰ্কটিকা, ক্ৰিছমাছ দ্বীপ, কোকোছ দ্বীপপুঞ্জ, কোৰাল ছি দ্বীপপুঞ্জ, হাৰ্ড দ্বীপ আৰু মেকড'নাল্ড দ্বীপপুঞ্জ, আৰু নৰফ'ক দ্বীপ।
স্থান | ৰাজ্য | জনসংখ্যা | |||
---|---|---|---|---|---|
ছিডনী মেলবৰ্ণ |
১ | ছিডনী | নিউ চাউথ ৱেল্চ | ৫,০২৯,৭৬৮ | ব্ৰিছবেন পাৰ্থ |
২ | মেলবৰ্ণ | ভিক্টোৰিয়া | ৪,৭২৫,৩১৬ | ||
৩ | ব্ৰিছবেন | কুইন্সলেণ্ড | ২,৩৬০,২৪১ | ||
৪ | পাৰ্থ | পশ্চিম অষ্ট্ৰেলিয়া | ২,০২২,০৪৪ | ||
৫ | এডিলেইড | দক্ষিণ অষ্ট্ৰেলিয়া | ১,৩২৪,২৭৯ | ||
৬ | গ'ল্ড ক'ষ্ট | কুইন্সলেণ্ড | ৬৪৬,৯৮৩ | ||
৭ | নিউকেচল | নিউ চাউথ ৱেল্চ | ৪৩৬,১৭১ | ||
৮ | কানবেৰা | অষ্ট্ৰেলিয় ৰাজধানী টেৰিটৰী | ৪৩৫,০১৯ | ||
৯ | চানছাইন ক'ষ্ট | কুইন্সলেণ্ড | ৩১৭,৪০৪ | ||
১০ | ৱলংগং | নিউ চাউথ ৱেল্চ | ২৯৫,৬৯৯ |