প্ৰদান কৰা হয় | Excellence in the American film industry |
---|---|
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
প্ৰদান কৰোঁতা | Academy of Motion Picture Arts and Sciences |
ৱেবচাইট | oscar |
অস্কাৰ বঁটা বা একাডেমি বঁটা (ইংৰাজী: Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা। এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে। এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰথমে ১৯২৯ চনত 'হলিউড ৰ'জভেল্ট হোটেল'ত অনুষ্ঠিত হৈছিল। অস্কাৰ বঁটা প্ৰতিবছৰে Academy of Motion Picture Arts and Sciences (AMPAS)-ৰ উদ্যোগত প্ৰদান কৰা হয়।
পোনপ্ৰথমে ১৯৫৩ দুৰদুৰ্শনযোগে প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্তমান প্ৰায় ২০০ৰো অধিক দেশত প্ৰচাৰিত হয়। শেহতীয়াকৈ ৮৬ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে লছ এঞ্জেলেছৰ ড'লবি থিয়েটাৰত অনুষ্ঠিত হৈ যায়।
১৯২৯ চনৰ ১৬ মে' তাৰিখে হ'লিঊড ৰ'জভেল্ট হোটেলত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানত প্ৰায় ২৭০ গৰাকী দৰ্শক উপস্থিত আছিল। ইয়াৰ পৰৱৰ্ত্তী অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানটো মে'ফেয়াৰ হোটেল (Mayfair Hotel) ত অনুষ্ঠিত হয়। এই অনুষ্ঠানত দৰ্শকে এটা টিকেটৰ বিনিময়ত পাঁচ ডলাৰ দিছিল। ১৯২৭-১৯২৮ বৰ্ষত পাৰদৰ্শিতা দেখুওৱা বিভিন্নজনক মুঠতে ১৫টা বঁটা প্ৰদান কৰা হৈছিল। এই অনুষ্ঠানটো পোন্ধৰ মিনিটৰ ভিতৰতে সমাপ্ত হৈছিল।
এই অনুষ্ঠানৰ বিজেতাসকলৰ বিষয়ে তিনিমাহৰ পিছত সংবাদ মাধ্যমযোগে প্ৰচাৰিত হৈছিল। অৱশ্যে পৰৱৰ্ত্তী বৰ্ষৰ পৰাই এই বঁটাৰ বিষয়ে বঁটা প্ৰদান কৰাৰ নিশাই সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল। পৰৱৰ্ত্তী কালত এবাৰ লছ এঞ্জেলেছ টাইমছ নামৰ কাকতখনে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বেই বিজেতা সকলৰ নাম ঘোষণা কৰাত ১৯৪১ চনৰ পৰা বন্ধ লেফাফা ব্যৱহাৰ কৰিবলৈ লয়।
প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে 'The Last COmmand' আৰু ' The Way of All Flesh' নামৰ চলচ্চিত্ৰত অভিনয় কৰা Emil Jannings এ। পোণপ্ৰথমে কলা-কুশলীসকলে তেওঁলোকে একোটা বিভাগত দেখুওৱা সকলো পাৰদৰ্শিতাৰ বাবে বঁটা লাভ কৰিছিল। উদাহৰণস্বৰূপে Jannings এ সেইসময়ত অভিনয় কৰা দুয়োখন বোলছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল। কিন্তু চতুৰ্থ অনুষ্ঠানৰ পৰা এই নিয়মৰ সলনি হয়। এইসময়ৰ পৰা কলাকুশলী বিশেষ একোখন বোলছবিৰ বাবে বঁটা প্ৰদান কৰাৰ প্ৰথা আৰম্ভ হয়।
২০১১ চনৰ ৮৩ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানলৈকে মুঠতে ২,৮৯৪টা অস্কাৰ বঁটা প্ৰদান কৰা হৈছে। বিভিন্ন বিভাগসমূহত বৰ্তমানলৈকে ৩০২ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে অস্কাৰ বঁটা লাভ কৰিছে।
১৯৫৭ চনৰ ২৭ মাৰ্চত অনুষ্ঠিত ২৯তম বঁটা বিতৰণী অনুষ্ঠানত 'শ্ৰেষ্ঠ বিদেশী ভাষাৰ বোলছবি' (Best Foreign Language Film) বিভাগটো আৰম্ভ কৰা হয়।
ৱিকিমিডিয়া কমন্সত অস্কাৰ বঁটা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |