জলসিঞ্চন (ইংৰাজী: Irrigation) হৈছে কৃষি উৎপাদনৰ বাবে কৃত্ৰিমভাবে মাটিত পানী দিয়াৰ ব্যবস্থা। স্বল্প বৃষ্টি আৰু অনাবৃষ্টিৰ সময়ত পানীৰ অভাৱত কৃষি উৎপাদন যাতে বাধাগ্ৰস্থ নহয় তাৰবাবে উদ্ভিদৰ বৃদ্ধি নিশ্চিত কৰিবলৈ কৃত্ৰিমভাবে মাটিত এই পানী সৰবৰাহ কৰা হয়। এই পানী নদী, প্ৰাকৃতিক জলাশয়, বান্ধ দি তৈয়াৰ কৰা কৃত্ৰিম জলাশয় বা গভীৰ নলীনাদৰ পৰা উত্তোলনৰ মাধ্যমত সংগ্ৰহ কৰি নাইবা কৃত্ৰিম খাল খনন কৰি পানী প্ৰবাহ নিয়ন্ত্ৰণৰ মাধ্যমত সৰবৰাহ কৰা হয়। শস্য উৎপাদনৰ উপৰিও, বন সংৰক্ষণ, কৃষিভূমিত অপতৃণ নিয়ন্ত্ৰণ আৰু ভূমিস্খলন ৰোধ কৰিবলৈও জলসিঞ্চন কৰা হয়।
জলসিঞ্চন ব্যবস্থা পশুপালন, ধূলিকণা নিয়ন্ত্ৰণ, নৰ্দমা নিষ্কাশন আৰু খনিতো ব্যবহৃত হয়। জলসিঞ্চনৰ সৈতে প্ৰায়ে কোনো অঞ্চলৰ পৃষ্ঠৰ পৰা পানী অপসাৰণ কৰা নৰ্দমা ব্যৱস্থা জড়িত হৈ থাকে।
কেইবা প্ৰকাৰৰ ব্যৱস্থাৰ জৰিয়তে জলসিঞ্চন কৰা হয়। পানী উত্তোলকৰ মাধ্যমত জলাধাৰ বা উৎস পৰা মাটিলৈ পানী সৰবৰাহ কৰা হৈছে সকলোতকৈ প্ৰচলিত মাধ্যম। ইয়াৰোপৰি সৰু বাগান আৰু বাৰীত নলাৰ দ্বাৰা সৰু ঠাইত উচ্চ চাপৰ স্প্ৰিংলাৰৰ মাধ্যমত সিঞ্চন কৰা বা জলপাত্ৰৰ পৰা পানী ঢালিও সিঞ্চন কৰা হয়।