চাৰ্লছ ফিলিপ আৰ্থাৰ জৰ্জ (ইংৰাজী: Charles Philip Arthur George; জন্ম: ১৪ নৱেম্বৰ, ১৯৮৪) যুক্তৰাজ্য আৰু ১৪খন অন্য কমনৱেলথ দেশৰ ৰজা। লণ্ডনৰ বাকিংহাম ৰাজপ্ৰসাদত জন্ম গ্ৰহণ কৰা চাৰ্লছ পূৰ্বৰ ৰাণী দ্বিতীয় এলিজাবেথৰ জ্যেষ্ঠ পুত্ৰ। জীৱনৰ বৃহদাংশ তেওঁ ৱে'ল্সৰ ৰাজকুমাৰ আৰু চেষ্টাৰৰ আৰ্ল হিচাপে অতিবাহিত কৰিছিল।
চাৰ্লছৰ জন্ম ১৯৮৪ চনৰ ১৪ নৱেম্বৰ তাৰিখে হৈছিল গ্ৰীণিছ মান সময়ত ৯ বাজি ১৪ মিনিটত বাকিংহাম ৰাজপ্ৰসাদত। তেওঁৰ জন্মৰ পূৰ্বেই, ১৯৪৮ চনৰ ২২ অক্টোবৰ তাৰিখে তেতিয়াৰ ৰজা ষষ্ঠ জৰ্জে ৰাজাজ্ঞা পত্ৰেৰে ঘোষণা কৰিছিল যে ৰাজকুমাৰী এলিজাবেথ আৰু এডিনবাৰাৰ ডিউকৰ কোনো সন্তান জন্ম হ'লে সেই সন্তান ৰাজকুমাৰ বিবেচিত হ'ব। সেয়ে, জন্মৰ পৰাই চাৰ্লছৰ উপাধি ৰাজকুমাৰ।
১৯৫৫ চনত বাকিংহামৰ পৰা ঘোষণা কৰা হ'ল যে চাৰ্লছে ঘৰৰ ভিতৰত অধ্যয়ন কৰিব আৰু প্ৰাতিষ্ঠানিক শিক্ষাৰো অধিকাৰী হ'ব। ইয়াৰ ফলতে তেওঁ প্ৰথম এনে বাকিংহামৰ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰা সদস্য হ'ল যিয়ে এনে শিক্ষাৰ সুযোগ লাভ কৰিলে। বাকিংহামত শিক্ষা লাভ কৰা পাছত তেওঁ লণ্ডন, হেম্পশ্বায়াৰ আৰু স্কটলেণ্ডত শিক্ষা লাভ কৰিছিল। ১৯৫৭ চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিতি মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিছিল আৰু ১৯৭১ চনত তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ উপৰিও তেওঁ ৱে'ল্সৰ এবেৰিষ্টিথ বিশ্ববিদ্যালয় আৰু ডাৰ্টমাউথ ৰয়েল নেভেল মহাবিদ্যালয়তো অধ্যয়ন কৰিছিল। ১৯৭১ চনৰ পৰা ১৯৭৬ চনলৈকে তেওঁ ৰাজকীয় নৌসেনাত সেৱা আগবঢ়াইছিল। তাৰ পাছত আধুনিক স্থাপত্যবিদ্যাৰ সমালোচনা তেওঁ অধ্যয়ন কৰিছিল। ১৯৯২ চনত তেওঁ প্ৰিঞ্চ অৱ ৱে'ল্স ইনষ্টিটিউট অৱ আৰ্কেটেক্সাৰ নামেৰে এটি প্ৰতিষ্ঠানো সৃষ্টি কৰিছিল।
যৌৱনত চাৰ্লছে অনেক নাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল, জৰ্জিনা ৰাছেল, লেডি জেন ৱেস্লি, ডেভিনা শ্বেফিল্ড, লেডি ছাৰাহ মেককৰ্গুডেল, আৰু কেমিলা যাৰ ভিতৰত প্ৰমুখ।
১৯৮১ চনত তেওঁ ডায়েনা, ৱে'ল্সৰ ৰাজকুমাৰীক বিয়া কৰাইছিল। এই বিবাহৰ ফলত ৰাজকুমাৰ ৱিলিয়াম আৰু ৰাজকুমাৰ হেৰীৰ জন্ম হৈছিল। ১৯৯৬ চনত তেওঁৰ বিবাহ বিচ্ছেদ ঘটিল। ২০০৫ চনত তেওঁ ৰাজপত্নী কেমিলাক বিয়া কৰাইছিল।
মাতৃ এলিজাবেথৰ দেহত্যাগৰ পাছত ২০২২ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে তেওঁ ৰাজভাৰ গ্ৰহণ কৰিলে।