পোহনীয়া মেকুৰী | |
---|---|
ছয় ধৰণৰ মেকুৰী | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Felidae |
উপপৰিয়াল: | Felinae |
গণ: | Felis |
প্ৰজাতি: | F. catus |
বৈজ্ঞানিক নাম | |
Felis catus Linnaeus, 1758 | |
সমাৰ্থক | |
Felis silvestris catus (subjective synonym) |
পোহনীয়া মেকুৰী (ইংৰাজী: domestic cat) (Felis catus বা Felis silvestris catus) হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু আন মেকুৰীজাতীয় প্ৰাণীৰ পৰা বেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নাথাকে। ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে।
মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ। ইহঁতে নিগনি বা আন সৰু প্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। বেছিভাগ আন স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ শুঙা শক্তি বেছি কাঢ়া।
২০০৭ চনৰ জিনীয় অধ্যয়ন এটাৰ মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ চনতে পশ্চিম এছিয়াত আফ্ৰিকীয় বনমেকুৰীৰ (Felis silvestris lybica) পৰা ৰূপান্তৰিত হৈছিল। মেকুৰী পৃথিৱীৰ বৰ জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ থকা প্ৰায় সকলো ঠাইতে ইহঁতক পোৱা যায়।