য়শ্বিনৰী অহচুমি | |
---|---|
জন্ম | ০৯ ফেব্ৰুৱাৰী, ১৯৪৫ (৭৯ বছৰ) ফুকুৱকা, জাপান |
ৰাষ্ট্ৰীয়তা | জাপানীজ |
শিক্ষানুষ্ঠান | টকিঅ' বিশ্ববিদ্যালয় |
জনা যায় | অট'ফেগী (Autophagy) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা(২০১৬) |
ৱেবছাইট | |
www |
য়শ্বিনৰী অহচুমি (ইংৰাজী: Yoshinori Ohsumi; জাপানী: 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ। অট'ফেগী (autophagy) মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক। ২০১২ চনত মৌলিক বিজ্ঞান বিষয়ত তেওঁ ক্য'ট' পুৰস্কাৰ(Kyoto Prize) লাভ কৰিছিল। অট'ফেগীৰ প্ৰক্ৰিয়াসমূহৰ আৱিষ্কাৰ বাবে ২০১৬ চনত য়শ্বিনৰী অহচুমিয়ে চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
১৯৪৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে জাপানৰ ফুকুৱকাত য়শ্বিনৰী অহচুমিৰ জন্ম হয়। তেওঁ ১৯৬৭ চনত টকিঅ' বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৪ চনত তেওঁ ডক্টৰ অফ চাইন্স(DSc) উপাধি লাভ কৰে। ১৯৭৪-৭৭ কালছোৱাত তেওঁ নিউয়ৰ্ক নগৰৰ ৰকএফেল্লাৰ বিশ্ববিদ্যালয়ত গৱেষক হিচাপে কাম কৰে।
১৯৭৭ চনত তেওঁ য়শ্বিনৰীয়ে টকিঅ' বিশ্ববিদ্যালয়লৈ সহযোগী গৱেষক হিচাপে ঘূৰি আহে। তেওঁ তাত সহযোগী গৱেষক হিচাপে যোগদান কৰে। ১৯৮৬ চনত তেওঁ তাত প্ৰবক্তা হিচাপে কাম কৰাৰ সুবিধা পায়। তাৰপিছত পদোন্নতিৰ যোগেৰে ১৯৮৮ চনত সহযোগী অধ্যাপক পদ লাভ কৰে। ১৯৯৬ চনত তেওঁ জাপানৰ অকাজাকি নগৰত অৱস্থিত ৰাষ্ট্ৰীয় মৌলিক জীৱবিজ্ঞান প্ৰতিষ্ঠানত (National Institute for Basic Biology) যোগদান কৰে। তাত তেওঁ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ তেওঁ জাপানৰ হায়ামাত অৱস্থিত উচ্চ শিক্ষাৰ স্নাতক বিশ্ববিদ্যালয়তো(Graduate University for Advanced Studies) অধ্যাপক ৰূপে জড়িত থাকে। ২০০৯ চনত তেওঁ ৰাষ্ট্ৰীয় মৌলিক জীৱবিজ্ঞান প্ৰতিষ্ঠান আৰু উচ্চ শিক্ষাৰ স্নাতক বিশ্ববিদ্যালয়ত সন্মানীয় এমিৰিটাছ অধ্যাপক(emeritus professor) হিচাপে পৰিগণিত হয়। লগতে টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্তৰ্গত উচ্চ গৱেষণা সন্থাৰ অধ্যাপক ৰূপেও কাৰ্য নিৰ্বাহ কৰে। ২০১৪ চনত অৱসৰ গ্ৰহণৰ পিছত তেওঁ টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ উদ্ভাৱনী গৱেষণা প্ৰতিষ্ঠানত অধ্যপক ৰূপে সেৱা আগবঢ়ায়।
বৰ্তমান তেওঁ টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ উদ্ভাৱনী গৱেষণা প্ৰতিষ্ঠানৰ কোষ জীৱবিজ্ঞান গৱেষণা গোটৰ মুৰব্বী হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।
অট'ফেগীৰ প্ৰক্ৰিয়াসমূহৰ আৱিষ্কাৰৰ বাবে ২০১৬ চনত য়শ্বিনৰী অহচুমিয়ে চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
ৱিকিমিডিয়া কমন্সত য়শ্বিনৰী অহচুমি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |