যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। হিন্দু, বৌদ্ধ) আৰু জৈন ধৰ্মৰ মাজত বিভিন্ন তৰহৰ যোগবিদ্যাৰ অনেক ঠাল-ঠেঙুলি, ৰীতি-নীতি তথা উদ্দেশ্য প্ৰচলিত আছে। ইয়াৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হল হঠ যোগ আৰু ৰাজ যোগ।
যোগৰ বিষয়ে উল্লেখ থকা সবাতোকৈ পূৰনি গ্ৰন্থসমূহৰ পৰা যোগবিদ্যাৰ সময়ক্ৰমৰ বিষয়ে স্পষ্টভাবে জনা নাজায়। কিছুমান গ্ৰন্থ যেনে হিন্দুসকলৰ উপনিষদ বা বৌদ্ধধৰ্মৰ পালী ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়। পতজ্ঞলিৰ যোগসূত্ৰসমূহ খৃষ্টজন্মৰ প্ৰায় পাঁচশ বচৰৰ ভিতৰতেই লিখা হৈছিল যদিও বিংশ শতিকাতহে ই প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হৈছিল। খৃষ্টিয় ১১ শতিকাত হঠ যোগৰ পুথিসমূহ আবিৰ্ভাব হৈছিল টান্ত্ৰিক পন্থাৰ পৰা।
স্বামী বিবেকানন্দৰ সফলতাৰ পাচত, উনৈশশ শতিকাৰ শেষভাগত আৰু বিংশশ শতিকাৰ প্ৰাৰম্ভনিৰে পৰা বিভিন্ন সময়ত ভাৰতবৰ্ষৰ যোগাচাৰ্য্যসকলে পচ্ছিমীয়া দেশসমূহত যোগবিদ্যাৰ প্ৰচাৰ কৰে। ১৯৮০ ৰ দশকত পাচ্ছাত্যৰ দেশসমূহত শৰীৰচৰ্চাৰ অংগ হিচাপে জনপ্ৰিয় হয়। অবশ্যে ভাৰতীয় পৰম্পৰাত যোগ কেবল এক শৰীৰচৰ্চাৰ অংগ মাত্ৰ জ্ঞান কৰা নহয়, ইয়াৰ এক আধ্যাত্মিক আৰু ধ্যানৰ প্ৰাণ থকা বুলি বিবেচনা কৰা হয়। তদুপৰি সাংখ্য দৰ্শনৰ লগত বহু মিল থকা যোগ হল হিন্দুধৰ্মৰ ছয়টা মূল ধাৰাৰ এটা, যাৰ নিজৰেই এক সুকীয়া মিমাংসা প্ৰণালী (epistemology) আৰু তত্ত (metaphysics) আছে।
কৰ্কতৰোগ, স্কিযোফ্ৰেনীয়া, হাপানী, হৃদৰোগ আদিৰ ক্ষেত্ৰত যোগৰ সুফলতাৰ বিষয়ে বহুতো পৰীক্ষা নিৰিক্ষা কৰা হৈছে। এনে পৰিক্ষাসমূহৰ ফলাফল এতিয়াও স্পষ্টভাবে নিৰ্ণয় কৰিব পৰা হোৱা নাই। আনহাতে কৰ্কতৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ পৰা জনা গৈছে যে যোগাভ্যাস কৰাৰ ফলৰ কৰ্কতৰোগ হোৱাৰ প্ৰৱণতা কমি যোৱা আৰু কৰ্কতৰোগীৰ মনস্তাত্বিকভাৱে ৰোগ নিৰাময় কৰাৰ সম্ভাবনা বৃদ্ধি হোৱাৰ সম্ভাবনা আছে।