হেণ্ডবল

হেণ্ডবল

হেণ্ডবল খেলৰ দৃশ্য
প্ৰথমবাৰ খেলা হয় ১৯০৬ চন
ক্লাব ইণ্টাৰনেশ্বনেল হেণ্ডবল ফেডাৰেচন (International Handball Federation)
বৈশিষ্ট্য
দলৰ সদস্য ৭ জন, অতিৰিক্ত মিলি মুঠ ১২ জন
বৰ্গীকৰণ দলীয় ক্ৰীড়া
উপকৰণ হাত
খেলৰ স্থান ইনড'ৰ, আউটড'ৰ
দেশ বা অঞ্চল পোলেণ্ড, চাইপ্ৰাছ, ৰোমানিয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান আদি

হেণ্ডবল (ইংৰাজী: Handball) এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে। যিবোৰ দেশত এই খেলৰ প্ৰচলন আছে সিহঁতৰ মাজত, পোলেণ্ড, চাইপ্ৰাছ, ৰোমানিয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান উল্লেখযোগ্য।

সময়সীমা

খেলৰ সময়সীমা মাজত ১০ মিনিট বিৰতিসহ মুঠ ৭০ মিনিট।

খেল পথাৰৰ জোখ

হেণ্ডবল খেলৰ পূৰ্ণ পথাৰৰ দৈৰ্ঘ্য বা পাৰ্শ্বৰেখা ৪০ মিটাৰ আৰু প্ৰস্থ বা প্ৰান্তৰেখা ২০ মিটাৰ। পথাৰৰ উভয় প্ৰান্তত গোল লাইনৰ ঠিক মাজত গোল পোষ্টটোৰ অৱস্থান। প্ৰতিটো গোলপোষ্ট লম্বাত ৩ মিটাৰ আৰু উচ্চতাত ২ মিটাৰ হয়। পোষ্টৰ ৬মিটাৰ এলাকাৰ পৰা গোল লাইন যাৰ বাহিৰৰ পৰাই জালত বল পেলাব লগা হয় আৰু গোললাইনৰ ভিতৰৰ পৰা গোলৰক্ষকে গোল বচোৱাৰ চেষ্টা কৰে। গোল দিয়াৰ সময়ত খেলুৱৈ সকলে জাঁপ মাৰি বল দলিয়াই দিয়া দেখা যায়।

বলৰ জোখ

নিয়ম অনুযায়ী হেণ্ডবলৰ চাইজ পুৰুষ-মহিলা ভেদে ভিন্ন হৈ থাকে। পুৰুষৰ বাবে বলৰ পৰিধি ৫৮-৬০ চেণ্টি মিটাৰ আৰু মহিলা সকলৰ বাবে ৫৪-৫৬ চেণ্টি মিটাৰ।

তথ্যসূত্ৰ

  1. "বিভিন্ন খেলৰ নিয়ম বিধি কৌশল আৰু খেলপথাৰৰ জোখমাখ" লিখক: দীনেশ গগৈ