Tu banner alternativo

User:Bedanga Bikash Bora/sandbox

In today's world, User:Bedanga Bikash Bora/sandbox has become a topic of great importance and relevance. Its impact covers different areas and sectors, from economics to politics, through technology and society in general. Interest in User:Bedanga Bikash Bora/sandbox has been increasing in recent years, awakening the curiosity and attention of a wide spectrum of people. It is important to understand and analyze in depth everything related to User:Bedanga Bikash Bora/sandbox, its origin, evolution, implications and possible future challenges. In this article, we will exhaustively explore this fascinating topic, with the aim of offering a complete and up-to-date overview of User:Bedanga Bikash Bora/sandbox, so that readers can expand their knowledge and better understand the importance of this phenomenon today.

Tu banner alternativo


ভোটাইগাঁও গাঁৱলীয়া খেল, ৰাজহুৱা নামঘৰ ভোটাইগাঁও, নগাঁও, অসম পিন ৭৮২০০৩

ইতিহাস:

ভোটাইগাঁও গাঁৱলীয়া খেলৰ নামঘৰ"ভাগি নগাঁও চহৰৰ পূৱে ভোটাইগাঁৱত অৱস্থিত৷ ভোটাইগাঁও— যাৰ নাম বুৰঞ্জীত নগঞা শইকীয়া ভোটাইডেকাৰ সাহস আৰু বীৰত্বৰ বাবে জিলিকি আছে৷ সাহসী আৰু বীৰপুৰুষ ভোটাইডেকাৰ জন্ম হৈছিল নগাঁও জিলাৰ কলঙৰ পাৰৰ ভোটাইগাঁৱত৷ লোকমুখ বাগৰা মতে পূৰ্বতে নামঘৰটি ৰেল আলিৰ কাষত অৱস্থিত আছিল৷ কালৰ সোঁতত ৰেলআলিৰ পৰা ৰাজআলিৰ কাষ পালেহি এই নামঘৰটি৷ ১৯১৪ চনত গাঁৱৰ ৰাইজে খেৰ আৰু কাঠৰ খুঁটাৰে নামঘৰটি প্ৰতিষ্ঠা কৰে৷ তেনেদৰেই কিছু বছৰ চলাৰ পিছত নামঘৰৰ ওপৰ ভাগত টিনপাত লগাই সেই সময়ত কেঁচা ভেটিৰে সুন্দৰকৈ ঈশ্বৰ উপাসনাৰ থলীলৈ ৰূপান্তৰ কৰে৷ গাঁৱৰ ৰাইজে হাত উজান দি দান বৰঙণি আগবঢ়াই পকী খুটা আৰু ভেটি পকী কৰা হয়৷

  ভোটাইগাঁও গাঁৱলীয়া খেলৰ নামঘৰ ভাগে এক ঐতিহ্য বহন কৰি আহিছে। বর্তমান ভোটাইগাঁৱত আশীৰো অধিক পৰিয়ালে সমিলমিলেৰে বসবাস কৰি অহাৰ ক্ষেত্ৰত এই নামঘৰৰ যথেষ্ট অৱদান আছে। কিয়নো ১৯১৪ চনতে স্থাপিত নামঘৰ ভাগে ইতিমধ্যে এশটা বসন্ত অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু এই নামঘৰ পৰিচালনাৰ ক্ষেত্ৰত বা নামঘৰৰ সৈতে জড়িত অনেক মহান লোকৰ যথেষ্ট অৱদান আছে, যাৰ বাবে আজিও এক সুস্থিৰ পৰিৱেশে বিৰাজ কৰি আহিছে। গৌৰৱোজ্জ্বল এশ বছৰ গৰকি যোৱা বহুতো স্মৃতিৰ বাহক এই সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ প্ৰাণকেন্দ্ৰস্বৰূপ নামঘৰটি আমাৰ গাঁওখনৰ এক সাহস। নামঘৰটিলৈ সোমায়ে নামসিংহ,অগ্নিগড়ৰ লগতে দুজনা গায়ন বায়ন, মণিকূটৰ দুৱাৰমুখত দুয়োফালে জয়-বিজয় আৰু কাষতে গৰুড়পক্ষী৷ 

সাংস্কৃতিক উৎসৱ: প্রতি বছৰে তিনিওটা বিহু, গৰখীয়া সবাহ, ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি, জন্মাষ্টমী, পালনাম, হোলী উৎসৱ আদিত ৰাইজ-গোপিনীয়ে সমিলমিলেৰে অংশগ্রহণ কৰি আটায়ে সন্তুষ্টি লাভ কৰে। একেদৰে, নামঘৰ উন্নয়নমূলক কামৰ আলোচনা, নামঘৰৰ চৌহদ পৰিষ্কাৰকৰণৰ বাবে ৰাজহ, গাঁওখনৰ কাৰোবাৰ বিয়া, মৃত লোকৰ আদ্যশ্রাদ্ধ পালন সম্পৰ্কীয় আলোচনা পৰা আদি অনেক কাৰণত সততে নামঘৰৰ সন্মুখত ৰাইজ সমবেত হয়৷ [1]

  1. ^ তথ্য সংগ্ৰহ: স্মৰণিকা “আৰিয়া" প্ৰকাশক: শতবৰ্ষ উদযাপন সমিতি, ভোটাইগাঁও ৰাজহুৱা নামঘৰ